Kr Caspian

11/01/2001 - Jorhat , Assam , India
Send Message

চকী

সুখ ?
ভিৰৰ মাজত
এখন খালী চকী

দুখ ?
এটা খোৰা ভঙা
এখন অসহায় চকী

প্ৰেম ?
বন্ধ কোঠালীত আৱদ্ধ
এখন ধূলিত পুত যোৱা চকী


নিৰৱতা ?
বাৰাণ্ডাত ৰখা এখন
ৰ’দ পৰা চকী

অপেক্ষা ?
পাৰ্কত থকা
এখন দীঘল চকী

জীৱন ?
লাইব্ৰেৰীত ৰখা
এখন উদাৰ চকী

মৃত্যু ?
ঘূনে খোৱা এখন
পুৰণি পচা চকী
289 Total read