Kr Caspian

11/01/2001 - Jorhat , Assam , India
Send Message

শেষ হৈও শেষ নোহোৱা কথাবোৰ

কিছুমান কথা শেষ হৈও শেষ নহয়
যেনে ‘ তুমি মোক পাহৰি যাবা ’
বুলি কোৱা শেষ কথাষাৰ ;

কাহানিবা জানোঁ শেষ হৈছে
পাহৰি থকাৰ সেই প্ৰয়াস ?

কিছুমান কথা শেষ হৈও শেষ নহয়
যেনে ‘ তুমি সুখত থাকিবা ’
বুলি কোৱা দুখৰ কথাষাৰ ;

কেতিয়াওতো শেষ নহয়
সেই সুখত থকাৰ মাজৰ দুখ
তুমি অবিহনে !

কিছুমান কথা শেষ হৈও শেষ নহয় . . .
188 Total read