Kr Caspian

11/01/2001 - Jorhat , Assam , India
Send Message

কবিতাৰ পৰা কবিলৈ

ভালপোৱা যেতিয়া বাঢ়ে
নামবোৰ ছুটি হৈ যায় ;

যেনে তাইৰ নাম ‘কবিতা’
আৰু এতিয়া মৰমতে ‘কবি’ ।

ঠিক একেদৰে
ভালপোৱা বঢ়াৰ লগে লগে
ৰাতিবোৰো ছুটি হৈ যায়
আৰু দীঘল হৈ গৈ থাকে কথাবোৰ ,

তাৰপিছত এদিন —
আকৌ আৰম্ভ হয় আগৰ দৰেই জীৱন !
460 Total read