Hiren Bhattacharyya

Prem aru Rodalir Kobi] (1932 - / Jorhat, Assam / India

লাঞ্ছিত সূৰ্য - Poem by Hiren Bhattac

ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য |
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য |

মই কবি, সীমিত মোৰ সামৰ্থ্য |
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ |

ৰ'দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |
450 Total read