Hiren Bhattacharyya

Prem aru Rodalir Kobi] (1932 - / Jorhat, Assam / India

কবিৰ হাতৰ ছবি - Poem by Hiren Bhatt

১] বৰ্ষা
শাল বনেৰে বৈ আহে বতাহৰকুলুকুলু বাঁহী|
বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,
বুকু ভৰি থাকে দুখ, দুখৰ
সৰল হাঁহি|

২] শীত
পাতবোৰ পৰি আছে| উদং গাৰে ৰ'দ লৈছে গছবোৰে|
শুকান ঘাঁহত বনকৰা পাট যেন ৰ'দ| দূৰত ম'হৰ শিঙৰ দৰে
ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!

৩]বসন্ত
জুনুক কৰি বাজিল জুনুকা|
'চেনিমৰা বাগিচাৰ চিঠি' লৈ কোবাল খোজেৰে গুছি গ'ল ডাকোৱাল|
গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল|
325 Total read