Chandradhar Barua

15 October 1874 - 26 october 1961 / Jorhat, Assam / India

ধুলি-কণা মই - Poem by Chandra

যিদিনা মৰিম মই, সেইদিনা বাৰু
জগতৰ কেনি হানি হ'ব ?
মৰিলো নে আছো, মই, এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?
মই মৰিলেও দিন গলে ৰাতি হ'ব,
জোন বেলি ওলায়ে থাকিব ;
গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘূৰিব ৷
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয় ;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
লৰ চৰ অলপো নহয় ৷
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নেপাব ৷
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্ৰ ধূলি-কণা মই ;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ
কেনিও অকণো হানি নাই ৷
179 Total read